অসম পালেহি ১৭ কাৰ্টন ক'ভিড প্ৰতিষেধক | অসম নিউজ
দৈনিক বাতৰি

অসম পালেহি ১৭ কাৰ্টন ক'ভিড প্ৰতিষেধক

জি প্লাছ নিউজ | January 12, 2021 17:44 hrs

গুৱাহাটী: মঙলবাৰে উত্তৰ পূৰ্ৱাঞ্চলৰ বাবে অনা হ'ল ক'ৰোণা ভাইৰাছৰ প্ৰতিষেধক । সন্ধিয়া গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰে পুনেৰ পৰা অহা প্ৰতিষেধক কঢ়িয়াই অনা স্পাইচ জেট বিমানখন । 


মুঠ ২০ টা কাৰ্টনত উত্তৰ পূৰ্ৱাঞ্চলৰ বাবে অনা হয় ক'ভিড প্ৰতিষেধক । ইয়াৰে ১৭ টা কাৰ্টন অসমৰ বাবে আৰু ৩ টা মেঘালয়লৈ প্ৰেৰণ কৰা হয় ।


স্পাইচ জেটৰ এছজি ৭৪৫১  নম্বৰৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ অনা হয় এই প্ৰতিষেধক । 


অহা ১৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশত ক'ভিড প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰা হ'ব ।