গুৱাহাটীলৈ অনা হ'ব ক'ভিশ্বিল্ড ভেকচিন | গুৱাহাটী নিউজ
দৈনিক বাতৰি

গুৱাহাটীলৈ অনা হ'ব ক'ভিশ্বিল্ড ভেকচিন

জি প্লাছ নিউজ | January 12, 2021 15:27 hrs

গুৱাহাটী: মঙলবাৰে সন্ধিয়া অসমলৈ অনা হ'ব ক'ভিডৰ ভেকচিন ।  পুনেৰ পৰা স্পাইচ জেট এছজি ৭৪৫১ বিমানেৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অনা হ'ব ক'ভিড ভেকচিনৰ প্ৰথম শাখাৰ টীকা । 


সূত্ৰৰ পৰা জানিবলৈ পৰা মতে, সন্ধিয়া বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিব প্ৰতিষেধক কঢ়িয়াই অনা বিমানখন ।


অহা ১৬ জানুৱাৰীত সমগ্ৰ দেশতে আৰম্ভ কৰা হ'ব প্ৰথম পৰ্যায়ৰ ক'ভিড ভেকচিনেশ্বন  । ইয়াৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ক'ভিড-১৯ প্ৰতিষেধকৰ সফল পৰীক্ষণ কৰা হৈছিল ।