মণিপুৰৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে ভাৰতীয় ক্ৰিকেট দলত স্থাল লাভ ৰেক্স সিংৰ
দৈনিক বাতৰি

মণিপুৰৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে ভাৰতীয় ক্ৰিকেট দলত স্থাল লাভ ৰেক্স সিংৰ

জি প্লাছ স্প’ৰ্টছডেস্ক | February 15, 2019 16:12 hrs

গুৱাহাটী - কোচ বিহাৰ ট্ৰফীৰ এখন মেচত বিপক্ষৰ আটাইকেইটা উইকেট দখল কৰা সেই খেলুৱৈজনৰ কথা মনত আছে নে? উত্তৰ পূৱৰ সেই বাওঁহতীয়া পেচাৰজনক দেখি বহুতেই ৱাছিম আক্ৰামৰ উত্তৰসূৰী বুলিয়েই কৈছিল। ইনছুইং আউটছুইংৰ মহাৰ্ঘ অৰ্জন কৰিছে তেওঁ এই বয়সতেই। এই বয়স মানে এতিয়াও ১৯ৰ ঘৰত প্ৰৱেশেই কৰা নাই। তেওঁ ৰেক্স সিং। মণিপুৰৰ ল’ৰা। এই গৰাকী খেলুৱৈয়েই একমাত্ৰ প্ৰতিভাৰ বলতেই ভাৰতীয় ক্ৰিকেট দলত স্থান নিশ্চিত কৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ অনুৰ্ধ্ব ১৯ দলটোত সথান লাভ কৰিছে ৰেক্সে। অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ভাৰতীয় যুৱ দলটোৱে দুখনকৈ টেষ্ট মেচ খেলিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।

উল্লেখ্য যে বিগত বৰ্ষৰ কোচ বিহাৰ ট্ৰফীৰ এখন মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ভয়াবহ ছুইং বলিঙেৰে আটাইকেইটা উইকেট দখল কৰিছিল ৰেক্সে। আশা কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ বলিং আক্ৰমণৰ নেতৃত্ব ল’ব ৰেক্সে। 

ৰেক্সৰ সেই প্ৰদৰ্শন: 

Banner

ৰেক্স সিং