বগীবিল দলঙেৰে পৰীক্ষামূলকভাৱে প্ৰথমখন মালবাহী ৰে’লৰ সফল যাত্ৰা
গুৱাহাটী - দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অৱশেষত ৰে’ল চলিল বগীবিল দলঙেৰে। ইতিমধ্যেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে দলংখনৰ। দেশৰ দীৰ্ঘতম দলং হিচাপে অভিহিত এই দলঙত সংস্থাপন কৰা হৈছে স্থলপথ আৰু ৰে’লপথ দুয়োটাই। শীঘ্ৰেই আনুষ্ঠানিকভাৱে মুকলি হ’বলগীয়া দলংখনেৰে পৰীক্ষামূলকভাৱে ৰে’ল চলাচল কৰোৱা হৈছে।
পৰীক্ষামূলক ৰে’ল চলাচলৰ অংশ হিচাপে যোৱা ১ ডিচেম্বৰত ৪৫টা দবাৰ এখন মালবাহী ৰে’লে ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখী যাত্ৰাৰে দলংখন সফলতাৰে পাৰ কৰে।
উল্লেখ্য যে আজি প্ৰথমখন মালবাহী ৰে’লে বগীবিল দলংখন সফলতাৰে অতিক্ৰম কৰিলে। জানিব পৰামতে বিগত ১ ডিচেম্বৰত এখন খালী মালবাহী ৰে’ল পৰক্ষামূলকভাৱে চলোৱাৰ পিছত আজি চলোৱা ৰে’লখনে ৰাঙাপৰা উত্তৰ জংচনৰ পৰা ৫০টা পেট্ৰ’লভৰ্তি
দবাসহ সফলতাৰে দলংখন পাৰ হৈ নিউ তিনিচুকীয়া জংচনত উপস্থিত হয়।
পুৱা ৭.৪৫ বজাত যাত্ৰা আৰম্ভ কৰা ৰে’লখনে বগীবিল দলঙৰ গৈ আবেলি ৫.১৫ বজাত তিনিচুকীয়াত উপস্থিত হয়।
মালভৰ্তি ৰে’লৰ সফল যাত্ৰাৰ পিছত অচিৰেই যাত্ৰীবাহী ৰে’লৰো পৰীক্ষামূলক চলাচল কৰোৱা হ’ব বুলি জনাইছে ৰে’ল বিষয়াই।
উল্লেখযোগ্য যে যোৱা ২২ অক্টোবৰতো নতুন দলংখনৰ ওপৰেৰে ১৫ দবাসহ এটা ইঞ্জিনৰ
এক পৰীক্ষামূলক চলাচল কৰোৱা হৈছিল।
এক নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন এই বছৰৰ শেষৰফালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ সম্ভাৱনা আছে।