অসমৰ চাহ বাগিচাত প্ৰথমগৰাকী মহিলা প্ৰবন্ধক

Tuesday, 28 January 2020

দৈনিক বাতৰি

অসমৰ চাহ বাগিচাত প্ৰথমগৰাকী মহিলা প্ৰবন্ধক

জি প্লাছ নিউজডেস্ক | December 08, 2018 11:35 hrs

গুৱাহাটী: অসমৰ চাহ বাগিচাত প্ৰথমগৰাকী মহিলা প্ৰবন্ধক নিযুক্ত হ’ল। চাহ বাগিচাৰ ইতিহাসত প্ৰথমগৰাকী মহিলা প্ৰবন্ধক হিচাপে নিযুক্তি লাভ কৰিলে মঞ্জুলা বৰুৱাই। চাহ বাগিচাৰ ব্যৱস্থাপনাৰ সৈতে জড়িত মহিলা কৰ্মচাৰীসকলে এতিয়া নিশ্চিতভাৱে অনুপ্ৰেৰণা লাভ কৰিব মঞ্জুলা বৰুৱাৰ পৰা।

উল্লেখ্য যে উজনি অসমৰ শিলিখা চাহ বাগিচাৰ শীৰ্ষপৰ্যায়ৰ কৰ্মচাৰী মঞ্জুলা বৰুৱাই নিযুক্তি লাভ কৰিছে প্ৰবন্ধক হিচাপে। বাগিচাখনত জনকল্যাণ কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰা বৰুৱাই সম্প্ৰতি প্ৰবন্ধক হিচাপে পদোন্নতি লাভ কৰিছে। 

উল্লেখ্য যে চাহ বাগিচাৰ বিভিন্ন কামৰ ভিতৰত জনকল্যাণ বিষয়াৰ চাকৰি নিশ্চিতভাৱে প্ৰত্যাহ্বানমূলক কাম। কিয়নো এই পদৰ কৰ্মচাৰীসকলে বাগানৰ কৰ্মচাৰীসকলৰ বিভিন্ন অভাৱ অভিযোগ নিস্পত্তিৰ দৰে কাম সম্পাদন কৰিব লাগে।

মঞ্জুলা বৰা