গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত দিনদুপৰতে ডকাইতিৰ ঘটনা
দৈনিক বাতৰি

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত দিনদুপৰতে ডকাইতিৰ ঘটনা

জিপ্লাছ নিউজডেস্ক | December 04, 2018 17:25 hrs

গুৱাহাটী - গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত দিনদুপৰতে ডকাইতিৰ ঘটনা। খ্ৰীষ্টিয়ানবস্তিৰ এখন দোকানত বজাৰ কৰিবলৈ সোমাওঁতেই কালি দিনৰ প্ৰায় ২ বজাত এজন লোকৰ গাড়ীৰ খিৰিকীৰ আইনা ভাঙি ধন লুটি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মান্যবৰ নামৰ কাপোৰৰ শ্ব’ ৰুম এটাত সোমাওঁতেই তাৰ সন্মুখৰ পৰাই মহিদুল ইছলাম নামৰ ব্যৱসায়ী এজনৰ স্ক’ৰপিঅ’ গাড়ী (নং AS 01 DU 2432)ৰ পৰা দুৰ্বৃত্তই ৫ লাখ টকা লুটি নিছে। এই সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে শিলৰ ব্যৱসায়ী মহিদুল ইছলামে।

প্ৰতীকী ছবি