গুৱাহাটীৰ পৰা গেংটক, ভুৱনেশ্বৰ আৰু বাৰাণসীলৈ বিমানসেৱা আৰম্ভ
গুৱাহাটী – উড়ান আঁচনিৰ অধীনত অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ মুখ্য চহৰ সমূহক সংযোজিত কৰাৰ উ্দ্দেশ্য আগত ৰাখি ৰবিবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা এক পোনপটীয়া বিমানসেৱা আৰম্ভ কৰা হৈছে। ছিকিমৰ ৰাজধানী গেংটকৰ পাকিয়ং বিমানবন্দৰ, উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ বিমানবন্দৰ আৰু উত্তৰ প্ৰদেশৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ বাৰাণসীলৈ এই নিয়মিত বিমানসেৱা আৰম্ভ কৰা হৈছে।
বিমানসেৱাৰ নতুন সূচী অনুসৰি পাকিয়ংৰ পৰা দৈনিক স্পাইচ জেট সেৱাৰ SG3325 বিমানখন ছিকিৰমৰ পৰা আহিদুপৰীয়া ১২.২০ বজাত বৰঝাৰত অৱতৰণ কৰিব। তাৰ পিছত ১২.৪০ বজাত বিমানখনে পাকিয়ংলৈ যাত্ৰা কৰিব। বিমান যাত্ৰাৰ সময় হ’ব মাত্ৰ এঘণ্টা।
ঠিক তেনেদৰে বাৰাণসীৰ পৰা দৈনিক ইণ্ডিগ’ সেৱাৰ 6-E বিমানখন পুৱা ৮.৪৫ বজাত আহি বৰঝাৰত অৱতৰণ কৰিব। বিয়লি ১.১৫ বজাত বিমানখনে বৰঝাৰৰ পৰা বাৰাণসীলৈ যাত্ৰা কৰিব। তেনেদৰে ইণ্ডিগ’ সেৱাৰ SE726 বিমানখনে ভুৱনেশ্বৰৰ পৰা যাত্ৰা কৰি দৈনিক পুৱা ৮.১৫ বজাত আহি বৰঝাৰত অৱতৰণ কৰিব আৰু বিয়লি ১.৫০ বজাত পুনৰ ভুৱনেশ্বৰ অভিমুখে উৰা মাৰিব।