ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্যৰ আৰম্ভ

Sunday, 23 February 2020

দৈনিক বাতৰি

ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্যৰ আৰম্ভ

জিপ্লাছ | February 13, 2020 17:04 hrs

১৩ ফেব্ৰুৱাৰী, গুৱাহাটী : মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে তীব্ৰ যান-জঁট। যান-জঁট ৰোধিবৰ বাবে মহানগৰ আৰক্ষীয়ে বিকল্প ব্যৱস্থা হাতত লৈছে। শেহতীয়াকৈ ছুপাৰ মাৰ্কেটপৰা জিএছ ৰোড সংলগ্ন কৰাকৈ  উৰণীয়া সেঁতুৰ প্ৰাথমিক নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে।

ফলত ছয়মাইলৰ পৰা গণেশগুৰিৰ পথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।  উল্লেখ্য যে নিৰ্মাণকাৰ্যৰ ওপৰত লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে যান বাহনসমূহৰ পথ সলনি কৰে। 

আজিৰ পৰা জি এছ ৰোডৰ ছয়মাইল-গণেশগুৰি অভিমুখী বাহনসমূহ ছুপাৰ মাৰ্কেটৰ কালী মন্দিৰৰ সমীপৰ প্ৰতিমা পাণ্ডে বৰুৱা পথেৰে সোমাই ছুপাৰ মাৰ্কেট-লাষ্ট গে’ট  পথেৰে ওলাব লাগিব। উক্ত পথেৰে বাহনসমূহ গণেশগুৰিলৈও যাব লাগিব বুলি জনায়।