ফুড ডেলিভাৰী এপ্প ‘উবেৰ ইটছ’ক ২,৪৮৫ কোটি টকাত ক্ৰয় কৰিলে জমেটোৱে
দৈনিক বাতৰি

ফুড ডেলিভাৰী এপ্প ‘উবেৰ ইটছ’ক ২,৪৮৫ কোটি টকাত ক্ৰয় কৰিলে জমেটোৱে

জিপ্লাছ নিউজ ডেস্ক | January 21, 2020 11:24 hrs

২১ জানুৱাৰী, গুৱাহাটী : ফুড ডেলিভাৰি এপ্প জমেটোৰ লগত মিলিত হ’ল ‘উবেৰ ইটছ’। অল - ষ্টক ডীলত ২,৪৮৫কোটি টকাত জমেটোৱে ক্ৰয় কৰিলে উবেৰ ইটছক। 

অতি শীঘ্ৰেই উপভোক্তাসকলে উবেৰ ইটছ এপ্পটোক জমেটো এপ্পটোত দেখা পাব। 

উল্লেখ্য যে এই নতুন এপ্প অনুসৰি উপভোক্তাসকলে উবেৰ ইটছ এপ্পটো খোলাৰ লগে লগেই এপ্পটোত “ভাৰতত উবেৰ ইটছ এতিয়া জমেটোত উপলব্ধ” বুলি দেখুওৱাব। 

জমেটোৱো সমগ্ৰ ২৪ খন দেশজুৰি ৭দ মিলিয়নতকৈ অধিক উপভোক্তাক পৰিচালনা কৰে।