অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শেষ নিশ্বাস ত্যাগ - G Plus Assam
গুৱাহাটীঃ অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি সন্ধ্যা প্ৰায় ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাহ কৰে।
অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জনপ্ৰিয় আৰু সন্মানীয় ৰাজনীতিকবিদসকলৰ ভিতৰত অন্যতম, তৰুণ গগৈদেৱৰ দীঘলীয়া ৰোগৰ অন্তত আজি মৃত্যু হয়।
গগৈ ২৬ আগষ্টৰ দিনা ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল আৰু তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল (GMCH)।
৩১ আগষ্টৰ দিনা তেওঁৰ স্বাস্থ্যৰ আকস্মিক অৱনতি ঘটে আৰু গগৈক প্লাজমা দিয়া হয়।
তৰুণ গগৈক ২৫ অক্টোবৰত, চিকিৎসাধীন হোৱাৰ ৬০ দিনৰ পিছত হস্পিটেলৰ পৰা মুক্তি দিয়া হয়।
তেওঁৰ মুক্তিৰ পিছত, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে গগৈৰ সন্দৰ্ভত জনায় যে,“পৰৱৰ্তী চিকিৎসা তেওঁৰ চৰকাৰী আৱাসত চিকিৎসা মহাবিদ্যালয়ৰ তত্বাৱধানত চলিব।”
“গগৈ ১০০% সুস্থ নহয় কিন্তু তেওঁৰ স্বাস্থ্যজনিত কোনো অসুবিধা বৰ্ত্তমান নাই। আমি আশা ৰাখিছো যে তেওঁ সোনকালেই সুস্থ হৈ উঠিব।” এজন কংগ্ৰেছ নেতাই প্ৰকাশ কৰে।
স্বাস্থ্যৰ পুণৰ অৱনতি ঘটাত অৱশেষত গগৈয়ে ২৩ নৱেম্বৰত শেষ নিঃশ্বাস ত্যাগ কৰে।