দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ মৃত্যু
দৈনিক বাতৰি

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ মৃত্যু

জিপ্লাছ ব্যুৰ’ | July 20, 2019 16:23 hrs

২০ জুলাই, গুৱাহাটী - জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিত ২০ জুলাই শনিবাৰে পৰলোকগামী হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

এছক’ৰ্ট ফৰ্টিছ হাস্পতালৰ সঞ্চালক ডাঃ অশোক শেঠে জনোৱা মতে, প্ৰয়াত দীক্ষিতে বিয়লি ৩.১৫ বজাত হৃদৰোগত আক্ৰান্ত হয় আৰু ততালিকে তেওঁক ভেণ্টিলেটৰলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে চিকিৎসকৰ সকলো প্ৰচেষ্টাৰ পিছতো আজি ৩ বাজি ৫৫ মিনিটত তেওঁ পৰলোকগামী হয়। 

উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে বিগত 1998 চনৰ পৰা 2013 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। দীক্ষিত বিগত প্ৰায় দহটা বছৰ ধৰি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰত আছিল।

Banner

শীলা দীক্ষিত