প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ যাব ৰাজ্যসভালৈ! মনোনয়ন দাখিল
দৈনিক বাতৰি

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ যাব ৰাজ্যসভালৈ! মনোনয়ন দাখিল

জিপ্লাছ ব্যুৰ’ | August 13, 2019 17:10 hrs

১৩ আগষ্ট, গুৱাহাটী - প্ৰাক্তন প্ৰধানমন্ত্ৰী ড. মনমোহন সিঙে পুনৰ সাংসদ হিচাপে উভতি অহাৰ যো-জা চলাইছে। ইতিমধ্যে আজি ৰাজ্যসভাৰ সাংসদ পদৰ বাবে মনোনয়ন দাখিল কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাজস্থানৰ পৰা খালী হোৱা সাংসদ পদত ৰাজ্যসভালৈ যোৱাৰ বাবে সাজু হৈছে মনমোহন সিং। উল্লেখ্য যে ৰাজস্থানৰ ৰাজ্যিক বিজেপিৰ সভাপতি মদন মোহন ছাইনীৰ মৃত্যুৰ পিছত ৰাজ্যসভাত এখন আসন খালী হৈ আছিল।

নিৰ্বাচন আয়োগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা অনুসৰি, এই আসনখনৰ বাবে উপ-নিৰ্বাচন অহা ২৬ আগষ্টত অনুষ্ঠিত হ’ব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ১৪ আগষ্ট অৰ্থাৎ কাইলৈ আৰু নাম প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৯ আগষ্ট।

উল্লেখ্য যে ড. মনমোহন সিং প্ৰায় তিনিটা দশক ধৰি অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছিল। বিগত ১৪ জুনত তেওঁৰ কাৰ্যকাল সমাপ্ত হৈছিল।

Banner

ড. মনমোহন সিং