ক্ষেত্ৰীত গ্ৰেপ্তাৰ চাৰি গৰু সৰবৰাহকাৰী
দৈনিক বাতৰি

ক্ষেত্ৰীত গ্ৰেপ্তাৰ চাৰি গৰু সৰবৰাহকাৰী

জিপ্লাছ ব্যুৰ’ | June 12, 2019 13:36 hrs

১২ জুন, গুৱাহাটী - আজি গুৱাহাটী মহানগৰ আৰক্ষীয়ে ক্ষেত্ৰী এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে গৰুৰ অবৈধ সৰবৰাহকাৰীৰ এটা দল।

গ্ৰেপ্তাৰ হোৱা চাৰিটা সৰবৰাহকাৰী ক্ৰমে মহম্মদ ছাদ্দাম হুছেইন, মিৰ্জানুৰ ৰহমান, সূৰয আলী আৰু আলিমুদ্দিন। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৮ ৰ অধীনত আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী সূত্ৰত প্ৰকাশ যে আটাইকেইগৰাকীৰ ঘৰ নগাওঁ জিলাৰ কাৱৈমাৰীত।

উল্লেখ্য যে অলপতে সদৌ অসম পশুধন বিক্ৰেতা আৰু পৰিবহনকাৰী সন্থাই কৰা অভিযোগ অনুসৰি অসমত এক বৃহৎ সৰবৰাহকাৰী চক্ৰই ব্যাপক ছিণ্ডিকেট গঢ়ি তুলিছে। 

Banner

প্ৰতিনিধিত্বমূলক ছবি