মহা শিৱৰাত্ৰিৰ প্ৰাকক্ষণত মহানগৰীত ১ কোটি টকা মূল্যৰ গাঞ্জা জব্দ
১৩ ফেব্ৰুৱাৰী, গুৱাহাটী : ক্ৰমাৎ চোৰাং ব্যৱসায়ৰ ৰমৰমীয়া ঘাটিলৈ পৰিনত হৈছে মহানগৰী। মহা শিৱৰাত্ৰিৰ প্ৰাকক্ষণত কালি উত্তৰ গুৱাহাটীত অসম আৰক্ষীয়ে বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্যমতে ৬০৬ কিলোগ্ৰাম ওজনৰ গাঞ্জাখিনি এখন তেলৰ টেংকাৰত মণিপুৰ পৰা বিহাৰযোগে মেঘালয়লৈ আনি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে জনোৱামতে গাঞ্জাখিনিৰ বজাৰমূল্য প্ৰায় ১ কোটি টকা। আৰক্ষীয়ে টেংকাৰখনৰ চালকজনৰ লগতে হেণ্ডিমেন গৰাকীকো আটক কৰে।
আৰক্ষীয়ে গাঞ্জাখিনি শিৱৰাত্ৰিৰ উপলক্ষে অনা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰে। আটকাধীন চালক জন আৰু হেণ্ডিমেনগৰাকীক জেৰা অব্যাহত ৰাখিছে।