অসম-মেঘালয় সীমান্তত ৫ লাখ টকাৰ গাঞ্জা জব্দ
দৈনিক বাতৰি

অসম-মেঘালয় সীমান্তত ৫ লাখ টকাৰ গাঞ্জা জব্দ

জিপ্লাছ ব্যুৰ’ | June 12, 2019 14:30 hrs

গুৱাহাটী - অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ শুকুৰবেৰীয়াত জব্দ গাঞ্জা। ৰাণী আৰক্ষী চকীৰ আৰু BSF ৰ সহযোগত পুৱতিনিশা ৫ বজাত  জব্দ কৰিবলৈ  সক্ষম হয় গাঞ্জাখিনি। আৰক্ষীয়ে জানিব দিয়া মতে প্ৰায় পাচ লাখ টকা মূল্যৰ  গাঞ্জা খিনি AS-25AC-5695 নম্বৰৰ মেক্সিমো আৰু ML 06 9080 নম্বৰৰ এল্টো বাহনেৰে মেঘালয় অভিমুখে গৈ থকাৰ অৱস্থাত জব্দ কৰে গাঞ্জাখিনি।

মেঘালয়ৰ নংষ্টেনৰ পোষ্টাৰ মাৰৱেং (৩০),  মায়ৰেং ৰ জোৰ্দান লেংদোহ (২৮)  আৰু অসমৰ ৰাজাপাৰাৰ থৰকাজুলিৰ দুৰ্গা মুণ্ডা (২৬) আৰু ৰাজাপাৰা মুদুকীৰ  ৰাজুৰাম ৰাভা (২৯)নামৰ  দুজন লোকক আৰক্ষীয়ে আটক কৰিছে । বৰ্তমান ৰাণী আৰক্ষীৰ জিম্মাত আছে লোককেইজন। অধিক তথ্যৰ বাবে বৰ্তমান ৰাণী আৰক্ষীৰ অভিযান অব্যাহত ।

Banner