গেট হাস্পতালৰ বিশেষ সাফল্য

Thursday, 19 September 2019

দৈনিক বাতৰি

গেট হাস্পতালৰ বিশেষ সাফল্য

জিপ্লাছ নিউজ ডেস্ক | September 10, 2019 16:49 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : গেট হাস্পতালৰ বিশেষ সাফল্য। দুৰ্ঘটনাত আক্ৰান্ত ৰোগীৰ ৫ টাকৈ জটিল অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন কৰে হাস্পতাল কৰ্তৃপক্ষই। যোৱা ৪ ছেপ্তেম্বৰ তাৰিখে ১ নং মঠঘৰীয়া নিবাসী দ্বীপজ্যোতি বৈশ্য (১৬) আৰু লকিষ্ট নাৰ্জাৰী (১৫)ৰ বিয়লি ৫ বজাত জু- নাৰেংগী ৰোডৰ কল্পনা বিবাহ ভবনৰ সন্মুখত গুৰুতৰ ভাৱে দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাত দ্বীপজ্যোতি বৈশ্যৰ নাৰী ভূড় সম্পূৰ্ণ উন্মুক্তভাৱে বাহিৰলৈ আহে। লগে লগেই যান-বাহন আৰক্ষীয়ে দুয়োকে গেট হাস্পতালত ভৰ্তি কৰায়। 

উল্লেখ্য যে  জৰুৰীকালীন চিকিৎসাৰ বাবে সদায়েই ক্ষিপ্ৰ গতিত কৰ্মৰত চিকিৎসকলৰ এটা অভিজ্ঞ চিকিৎসকৰ দলে তৎমুহুৰ্ততে অস্ত্ৰোপচাৰ কৰিবলৈ প্ৰস্তুত হয়। বিশিষ্ট অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ বেদব্ৰত পাঠক, ডাঃ উত্তম চৌধুৰী, অস্থিৰোগ আৰু চৰ্মসাৰ বিভাগৰ চিকিৎসক ডাঃ ধ্ৰুৱ নাৰায়ন বৰা, এনাস্থেচিয়া বিভাগৰ চিকিৎসক ডাঃ পবিন কলিতা আৰু ক্ৰিটিকেল কেয়াৰ বিভাগৰ চিকিৎসক ডাঃ হৃষীকেশ হাজৰিকাৰ সন্মিলিত প্ৰচেষ্টাত প্ৰায় পাঁচ ঘণ্টা ধৰি পাঁচটা গুৰুতৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে।


উক্ত অস্ত্ৰ্ৰোপচাৰসমূহ হৈছে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, লিভাৰৰ তেজ নিৰ্গমনৰ অস্ত্ৰোপচাৰ , কিডনীৰ তেজ নিৰ্গমনৰ অস্ত্ৰোপচাৰ (হেমাচুৰিয়া), ভৰিৰ ভঙা অংশৰ অস্ত্ৰোপচাৰ আৰু ৭ নং আৰু ৮ নং কামিহাড়ৰ  অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন কৰে। আৰ্থিকভাৱে দুৰ্বল পৰিয়াল দুটিক হাস্পতাল কৰ্তৃপক্ষই অতি ন্যূনতম খৰচত এই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰাত সহযোগিতা আগবঢ়ায়। প্ৰায় মৃতপ্ৰায় অৱস্থাৰ পৰা প্ৰাণ ঘূৰাই অনাৰ বাবে দ্বীপজ্যোতিৰ পৰিয়ালে গেট হাস্পতাল কৰ্তৃপক্ষক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। 


 

Banner