ইউ জি চিৰ অনুমোদন অবিহনে ২১টা বিষয়ৰ শিক্ষাদান আইডলৰ 
দৈনিক বাতৰি

ইউ জি চিৰ অনুমোদন অবিহনে ২১টা বিষয়ৰ শিক্ষাদান আইডলৰ 

| December 02, 2019 14:36 hrs

২ ডিচেম্বৰ, গুৱাহাটী : শিক্ষাদানৰ নামত ভেল্কিবাজী আইডলৰ। ইউ জি চিৰ অনুমোদন অবিহনে ২১টা বিষয়ৰ শিক্ষাদান দূৰশিক্ষা সংযোগ প্ৰতিষ্ঠান চমুকৈ আইডলৰ। শেহতীয়াকৈ কেগ ৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয়ত নাম ভৰ্তি কৰা প্ৰায় ৭৪,০০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ নাম অনুমোদন হোৱা নাই ইউ জি চিত।   

ইয়াৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে। ইতিমধ্যে তদানীন্তন সঞ্চালক ড৹ কন্দৰ্প দাসৰ বিৰুদ্ধে তদন্তৰ বাবে উপচাৰ্যগৰাকীয়ে ৭জনীয়া এখন তদন্ত কমিটী গঠন কৰি দিয়ে।

ইউ জি চিৰ ৰ অনুমোদন অবিহনে ২১টা বিষয়ত আইডলেএ শিক্ষাদান কৰি আহিছিল। অবৈধ পাঠ্যক্ৰমৰ নামত শিক্ষাৰ্থীৰ পৰা আইডলে ৩৯.০৬ কোটি টকা সৰকোৱাৰ কথাও পোহৰলৈ আহে। 

আনহাতে এই প্ৰতিবেদনৰ পিছতে এতিয়া হাহাকাৰ লাগিছে বিশ্ববিদ্যালয়খনত। ছাত্ৰ-ছাত্ৰীসকলে অনাকাংখিত ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে।