গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন 

Saturday, 05 December 2020

দৈনিক বাতৰি

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন 

জি প্লাছ নিউজডেস্ক | October 31, 2018 16:14 hrs

গুৱাহাটী - ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩ তম জন্মজয়ন্তী আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটী পৌৰ নিগমৰ উদ্যোগতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। নিগমৰ উদ্যোগত ৰাণ ফৰ ইউনিটি শীৰ্ষক এক ৰেলীৰো আয়োজন কৰা হয়। আজি পুৱাই আয়োজন কৰা এই ‘ৰান ফৰ ইউনিটি’ শীর্ষক দৌৰৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা জজ খেলপথাৰলৈকে এই ৰেলী বাহিৰ কৰা হয়।
 
নেহৰু ষ্টেডিয়ামত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আয়োজন কৰা এই ৰাষ্ট্ৰীয় একতা দিৱসৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানৰ পাছতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ আৰ্হিৰে সমাজৰ সকলো লোককে এক হৈ থকাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰেলীৰ ছবি