ৰাস্তাত জাৱৰ পেলালে ভৰিব লাগিব জৰিমনা | গুৱাহাটী নিউজ
দৈনিক বাতৰি

ৰাস্তাত জাৱৰ পেলালে ভৰিব লাগিব জৰিমনা

জি প্লাছ নিউজ | January 12, 2021 13:01 hrs

গুৱাহাটী: গুৱাহাটী মহানগৰীক স্বচ্ছ কৰি ৰাখিবলৈ আৰু ৰাষ্ট্ৰীয় অভিযান 'স্বচ্ছতাই সেৱা'ক অধিক ফলপ্ৰসূ কৰি তুলিবলৈ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা  ।
 

স্বচ্ছ ভাৰত মিছন অভিযানৰ  অধিক প্রচাৰৰ বাবে গুৱাহাটী পৌৰ নিগম আয়ুক্তই এটি "মেগা ক্লিন আপ" ব্য়ৱস্থা হাতত লৈছে । 
 

এই ব্যৱস্থাৰ অধীনত বিত্তীয় অনুজ্ঞাপত্ৰধাৰী ব্যক্তিসকলৰ বিৰুদ্ধে ৰাস্তাত আৱৰ্জনা পেলালে জৰিমনা বিহাৰ ব্য়ৱস্থা কৰা হৈছে । উল্লেখনীয় যে, অনুজ্ঞাপত্ৰধাৰী ব্যক্তিসকলে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যবাহী বিষয়াৰ পৰা এই সন্দৰ্ভত ন অৱজেকশ্ৱন চাৰ্টিফিকেট লাভ নকৰা পৰ্যন্ত তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল থাকিব  ।
 

গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা সকলোকে গুৱাহাটীখন স্বচ্ছ আৰু সেউজীয়া কৰি ৰাখিবলৈ এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছে ।