পুৰণি জে’ল চৌহদত অস্থায়ী পাৰ্কিং মুকলি কৰিলে জিএমডিএই

Saturday, 06 June 2020

দৈনিক বাতৰি

পুৰণি জে’ল চৌহদত অস্থায়ী পাৰ্কিং মুকলি কৰিলে জিএমডিএই

জিপ্লাছ | February 18, 2020 10:29 hrs

গুৱাহাটী - গুৱাহাটী মহানগৰ উন্নয়ণ কৰ্তৃপক্ষ চমুকৈ জিএমডিএ-ই ফাঁচী বজাৰস্থিত পুৰণি জে’ল চৌহদত অস্থায়ীভাৱে মুকলি কৰি দিছে পাৰ্কিং এলেকা। ফাঁচী বজাৰলৈ অহা জনসাধাৰণৰ ব্যাপক অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিএমডিএই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সম্প্ৰতি ৭২৮০ বৰ্গমিটাৰৰ এক এলেকা ব্যক্তিগত বাহনৰ বাবে মুকলি কৰি দিয়া হৈছে। দুচকীয়া আৰু চাৰিচকীয়া দুয়োধৰণৰ বাহনেই এই স্থানত ৰাখিব পাৰিব। 

অৱশ্যে এই পাৰ্কিংৰ সুবিধা কেৱল পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈহে উপলব্ধ হ’ব। নিশাৰ ভাগত কোনো বাহন এই স্থানত পাৰ্কিং কৰিব নোৱাৰিব, তদুপৰি কোনোধৰণৰ বাণিজ্যিক বাহনো এই স্থানত পাৰ্কিং কৰিবলৈ দিয়া নহ’ব। এই কথা প্ৰকাশ কৰিছে জিএমডি এ কৰ্তৃপক্ষই।

এই পাৰ্কিং এলেকাত প্ৰৱেশ আৰু ওলাই যোৱাৰ বাবে এছ আৰ চি বি পথেৰে যাব লাগিব। পাৰ্কিং মাচুলৰ ক্ষেত্ৰত জিএমডিএৰ নীতি নিৰ্দেশনাই প্ৰযোজ্য হ’ব -  

চাৰিচকীয়া - প্ৰথম দুঘণ্টাৰ বাবে ১০ টকা আৰু তাৰ পৰৱৰ্তী ঘণ্টাসমূহৰ বাবে ১০ টকাকৈ। .

দুচকীয়া - প্ৰথম দুঘণ্টাৰ বাবে ৫ টকা আৰু তাৰ পৰৱৰ্তী ঘণ্টাসমূহৰ বাবে ৫ টকাকৈ।