আৰক্ষীৰ জালত মণিপুৰৰ সোণ সৰবৰাহকাৰী | গুৱাহাটী নিউজ
দৈনিক বাতৰি

আৰক্ষীৰ জালত মণিপুৰৰ সোণ সৰবৰাহকাৰী

জি প্লাছ নিউজ | February 22, 2021 16:59 hrs

গুৱাহাটী : বশিষ্ঠ আৰক্ষীৰ জালত পৰিল মণিপুৰৰ এজন সোণ সৰবৰাহকাৰী । গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ২ টাকৈ সোণৰ বিস্কুট ।

আটকাধীন লোকজন মণিপুৰৰ প্ৰেম চন্দ্ৰ সিং বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । মণিপুৰৰ পৰা গুৱাহাটীলৈ সোণ সৰবৰাহ কৰাৰ চেষ্টা চলাওতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । 

জব্দকৃত সোণ কেইটাৰ মুঠ ওজন হৈছে ৩০০ গ্ৰাম । আৰক্ষীয়ে সম্প্ৰতি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।