পেকেটৰ পৰা খোলা চিগাৰেট বিক্ৰী বন্ধ কৰিব পাৰে চৰকাৰে

Thursday, 12 December 2019

দৈনিক বাতৰি

পেকেটৰ পৰা খোলা চিগাৰেট বিক্ৰী বন্ধ কৰিব পাৰে চৰকাৰে

জিপ্লাছ ব্যুৰ’ | August 14, 2019 13:05 hrs

১৪ আগষ্ট, গুৱাহাটী - চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন (COTPA) ৰ সংশোধন প্ৰক্ৰিয়া আগবঢ়াবৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে পুনঃপদক্ষেপ গ্ৰহণ কৰিছে, এই সংশোধনী প্ৰক্ৰিয়াত এইবাৰ সন্নিৱিষ্ট কৰা হৈছে খোলা চিগাৰেটৰ বিক্ৰী বন্ধৰ বিষয়টো।

উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰকাশ কৰা এই আইনৰ সংশোধনী খচৰাত উল্লেখ কৰা হৈছিল যে লোকচক্ষুত ধৰা পৰাকৈ ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন উপস্থাপন কৰিলে ১০০০ টকা জৰিমণা ভৰিব লাগিব। তদুপৰি হোটেল, ৰেষ্টুৰেণ্ট আৰু বিমানবন্দৰত থকা নিৰ্দ্দিষ্ট ধুম্ৰপান এলেকা আঁতৰ কৰাৰো নিৰ্দেশৰ কথা উল্লেখ আছিল।

স্মৰ্তব্য যে সম্প্ৰতি ধুম্ৰপানৰ ক্ষেত্ৰত ৰাজহুৱা স্থানত ধুমপান কৰিলে ২০০ টকা পৰ্যন্ত জৰিমণাৰ বিধান আছে। 

প্ৰতিনিধিত্বমূলক ছবি

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Navajyoti Gogoi

    This step will make people smoke more.