পিয়াঁজৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে মুকলি কৰে টোল ফ্ৰী নম্বৰ
দৈনিক বাতৰি

পিয়াঁজৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে মুকলি কৰে টোল ফ্ৰী নম্বৰ

জিপ্লাছ নিউজ ডেস্ক | November 07, 2019 12:10 hrs

৭ নৱেম্বৰ, গুৱাহাটী : ৰাজ্যবাসীৰ বাবে সুখবৰ, যোগান বিভাগে হ্ৰাস কৰিছে পিয়াঁজৰ মূল্য। এতিয়াৰ পৰা যোগান বিভাগে প্ৰতিকিলো পিয়াঁজৰ দাম  ৬৬  টকাকৈ নিৰ্ধাৰণ কৰে।  

বিগত কিছু দিনৰ পৰা বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে শাক- পাচলিৰ মূল্য। ৰাজ্যৰ বজাৰত প্ৰতিকিলো পিয়াঁজত  ৮০ টকা পৰ্যন্ত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল। শেহতীয়াকৈ ৰাজ্যৰ যোগান বিভাগে পিয়াঁজৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰি প্ৰতিকিলো পিয়াঁজৰ মূল্য ৬৬ টকা হিচাপে নিৰ্ধাৰণ কৰে। 

আনহাতে যিসকল দোকানীয়ে নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত পিয়াঁজৰ বিক্ৰী কৰিব তেওঁলোকৰ বিৰুদ্ধে গ্ৰাহকসকলে অভিযোগ উত্থাপন কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ যোগান বিভাগে গ্ৰাহকসকলৰ বাবে টোল ফ্ৰী নম্বৰ 1800 3453 611 আৰু  1967 মুকলি কৰে।  এই নম্বৰকেইটাৰ সহায়ত গ্ৰাহকসকলে ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব। 

Banner

প্ৰতিনিধিত্বমূলক ছবি