অসমৰ ঘৰে ঘৰে পানীৰ ব্যৱস্থা : নৰেন্দ্ৰ মোদী
গুৱাহাটী: শনিবাৰে অসমলৈ আহি শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শিৱসাগৰত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা ।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত অসমৰ ঘৰে-ঘৰে পানীৰ যোগানৰ ওপৰত কাম কৰি থকা হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
এই সভাতে মোদীয়ে লগতে কয়, এডিএ চৰকাৰৰ সৰ্বপ্ৰথম লক্ষ্য হৈছে সদায় অসমীয়াৰ সংস্কৃতি সংৰক্ষণ কৰাৰ বাবে অসমীয়া ভাষাৰ সুৰক্ষা আৰু সাহিত্যৰ প্ৰচাৰৰ নীতি সমূহ বাস্তৱায়িত কৰা ।
উল্লেখ্য যে, অসমৰ ১.৬ লাখ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰিবলৈ শিৱসাগৰৰ জেৰেঙা পথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।