গুৱাহাটীৰ পদপথত স্নাতক ডিগ্ৰীধাৰী চাহৱালা
গুৱাহাটী : কোনো কামেই যে সৰু নহয় তাৰে এক জলন্ত উদাহৰণ দাঙি ধৰিছে গুৱাহাটীৰ পদপথৰ এগৰাকী স্নাতক ডিগ্ৰীধাৰী চাহ ব্যৱসায়ীয়ে ।
কোকৰাঝাৰৰ চেইণ্ট আনছ কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰা সাধন চেত্ৰী এতিয়া হৈ পৰিছে বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে প্ৰেৰণা স্বৰূপ ।
গণেশগুৰিৰ হেঙাৰাবাৰীত ২৩ বছৰীয়া যুৱকজনে নিজৰ চাহৰ ষ্ট'ল দি আহিছে আৰু বহু নৱ প্ৰজন্মৰ মাজত অতিকৈ প্ৰচলিত সেই ষ্ট'লৰ তন্দুৰি চাহ ।
জি প্লাছৰ সৈতে হোৱা বাৰ্তালাপত যুৱক জনে কয়, সমাজে বহু কথা ক'ব পাৰে কিন্তু সদায় নিজৰ অনুৰাগ অনুসৰণ কৰা উচিত । এইয়া এক অস্থায়ী পৰিস্থিতি, আজি এই অৱস্থাত আছো যদিও আগন্তুক সময়ত এক ভাল স্থানত থাকিম বুলিও আশা প্ৰকাশ কৰে ।
এই ব্যৱসায়ৰ আৰম্ভ কৰাৰ সময়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰে চেত্ৰীয়ে । চেত্ৰীৰ এই কাৰ্যৰ প্ৰতি এতিয়া সকলোৱে শলাগ লৈছে ।
Dwip Kinkor Goswami
I must appreciate G plus for such type encouraging news like Sadhan Cheetry, being a graduate he has started own tinny tea selling business which will be a bid venture near venture
AMARJIT TALUKDAR
May his tribe increase