অহা ২৬ মাৰ্চৰ পৰা খোলা থাকিব গুৱাহাটীৰ ডিপাৰ্টমেণ্টেল ষ্টোৰ আৰু গোলামালৰ দোকানসমূহ

Wednesday, 01 April 2020

দৈনিক বাতৰি

অহা ২৬ মাৰ্চৰ পৰা খোলা থাকিব গুৱাহাটীৰ ডিপাৰ্টমেণ্টেল ষ্টোৰ আৰু গোলামালৰ দোকানসমূহ

জিপ্লাছ নিউজ ডেস্ক | March 26, 2020 12:32 hrs

২৬ মাৰ্চ, গুৱাহাটীঃ অহা ২৬ মাৰ্চৰ পৰা খোলা থাকিব মহানগৰীৰ সকলো ডিপাৰ্টমেণ্টেল ষ্টোৰ , খাদ্য সামগ্ৰী উপলব্ধ মল আৰু গেলামালৰ দোকানসমূহ। দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তলা বন্ধৰ ঘোষণা কৰাৰ পাছতে ৰাজ্যত খাদ্য সামগ্ৰী ক্ৰয় কৰাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আজি এই কথা ঘোষণা কৰে। 

পেগুৱে কয় – "আনকি যিসকলে তলা বন্ধৰ সুযোগ লৈ অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰিব তেওঁলোকৰ বিৰুদ্ধে বিহিত গ্ৰহণ কৰা হ'ব।"  

লগতে উপায়ুক্তগৰাকীয়ে কয়- "এখন দোকানত একে সময়ত সামাজিক দূৰত্ব বজাই ৰাখি মাত্ৰ ৫ গৰাকীকৈ লোকেহে বজাৰ কৰিব পাৰিব।" 

আনহাতে বিপনীসমূহ আৰু ষ্টোৰমূহৰ স্বত্বাধিকাৰী আৰু কৰ্তৃপক্ষক ছেনিটাইজিং আৰু স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়।লগতে বিপনীসমূহত পলিথিনৰ মোনা ব্যৱহাৰ কৰিবলৈ বাধা প্ৰদান কৰে।