জানুৱাৰী মাহত অনুষ্ঠিত হ’ব বিদ্যালয়সমূহৰ গুণোৎসৱ

Tuesday, 18 February 2020

দৈনিক বাতৰি

জানুৱাৰী মাহত অনুষ্ঠিত হ’ব বিদ্যালয়সমূহৰ গুণোৎসৱ

জিপ্লাছ নিউজ ডেস্ক | December 05, 2019 12:15 hrs

৫ ডিচেম্বৰ, গুৱাহাটী : আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব। সদনত ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিধায়ক গুৰুজ্যোতি দাসৰ এক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। 

মন্ত্ৰীগৰাকীয়ে জনায় যে ২০২০ বৰ্ষৰ জানুৱাৰী মাহৰ ১০ তাৰিখৰ পৰা ২২ তাৰিখলৈ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ‘খেলো ইণ্ডিয়া’ অনুষ্ঠানৰ বাবে গুণোৎসৱৰ কাৰ্যসূচী সামান্য সাল সলনি হোৱাৰ সম্ভাৱনা আছে। 

গুণোৎসৱ হৈছে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ শিকাৰ মাধ্যমসমূহৰ উন্নতিৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুণগত মান বঢ়োৱাৰ এটি পদক্ষেপ । গুণোৎসৱে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰে। লগতে শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিবেশৰ উন্নতি সাধন কৰে।