Guwahati: 2 More Containment Zones Declared at Bhutnath and Fatasil | Assamese News

Tuesday, 02 June 2020

দৈনিক বাতৰি

গুৱাহাটী - ভুতনাথ আৰু ফটাশিলত আৰু দুটা স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা

জিপ্লাছ | May 19, 2020 19:07 hrs

গুৱাহাটী - গুৱাহাটীৰ আৰু দুটা স্থানক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। ভুতনাথৰ বিহাৰী পট্টীত এগৰাকী লোকৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ পিছতে এই সমগ্ৰ এলেকাটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

কণ্টেইনমেণ্ট জ’নৰ সীমা -
উত্তৰ - ভুতনাথ মূলপথ
দক্ষিণ - শান্তিপুৰ পিএনজিবি ৰোড
পূৱে - শান্তিপুৰ আশ্ৰম গলি
পশ্চিমে - শান্তিপুৰ ভুতনাথ পথ

ইফালে, গুৱাহাটীৰে ফটাশিলতো আন এগৰাকী লোকৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে নিম্নোক্ত এলেকাটোক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

উত্তৰ - শিৱ মন্দিৰ
দক্ষিণ - কুলিপট্টি ৰোড
পূৱ - আৰ্য্য ছোৱালী হোষ্টেল পথ
পশ্চিম - বিষ্ণুপুৰ মূল পথ

অসম ক’ভিড-১৯ বিধি ২০২০ অনুসৰিয়েই এই নিৰ্দেশনা জাৰি কৰা হৈছে।