সোণাপুৰত ভয়াবহ পথ দুৰ্ঘটনা, ১৫ গৰাকী যাত্ৰী আহত

Friday, 21 February 2020

দৈনিক বাতৰি

সোণাপুৰত ভয়াবহ পথ দুৰ্ঘটনা, ১৫ গৰাকী যাত্ৰী আহত

জিপ্লাছ নিউজ ডেস্ক | January 21, 2020 15:25 hrs

২১ জানুৱাৰী, গুৱাহাটী : সোণাপুৰত শোকাৱহ পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ। আজি সোণাপুৰত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা যাত্ৰীবাহী নৈশ বাছ এখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। 

প্ৰাপ্ত তথ্যমতে MN 01 2076 নম্বৰৰ বাছখনত মুঠ ৩০ গৰাকী যাত্ৰী আছিল। উক্ত দুৰ্ঘটনাত ১৫ গৰাকী যাত্ৰী আহত হয়। আহতসকলৰ ভিতৰত দুগৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক। আহত যাত্ৰীসকলক সোণাপুৰ ৰাজ্যিক হাস্পতালত ভৰ্তি কৰিছে। 

চালকগৰাকীৰ অসাৱধানতাৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি যাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে। 

প্ৰিতনিধিত্বমূলক ছবি