স্বাধীনতা দিৱসত মহানগৰীৰ চিনেমা হলসমূহত বিনামূলীয়া "মিছন মংগল" ৰ দৰ্শনী
দৈনিক বাতৰি

স্বাধীনতা দিৱসত মহানগৰীৰ চিনেমা হলসমূহত বিনামূলীয়া "মিছন মংগল" ৰ দৰ্শনী

জিপ্লাছ ব্যুৰ’ | August 14, 2019 11:30 hrs

১৪ আগষ্ট, গুৱাহাটী : স্বাধীনতা দিৱসৰ দিনা শিক্ষাৰ্থীসকলে মহানগৰীৰ চিত্ৰগৃহত দিনৰ ১২ বজাৰ পৰা  বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব "মিছন মংগল" নামৰ ছবিখন। ছাত্ৰ- ছাত্ৰীসকলে চিত্ৰগৃহত প্ৰৱেশ কৰাৰ সময়ত নিজ নিজ শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ দেখুৱাব লাগিব।

কাইলৈ মুক্তি পাবলগীয়া মিছন মংগল ছবিখনত বলীউডৰ জনপ্ৰিয় অভিনেতা- অভিনেত্ৰী অক্ষয় কুমাৰ, বিদ্য়া বালান, তাপসী পান্নু আৰু সোনাক্ষি সিনহাই মুখ্য় চৰিত্ৰত অভিনয় কৰিছে।

 

ছবিখনে ইছৰ’ৰ মংগলযান অভিযানৰ সত্য় ঘটনাৰ পৰা অনুপ্ৰেৰিত হৈ নিৰ্মাণ কৰা হৈছিল। এই ছবিখনে সাধাৰণ মানুহক অনুপ্ৰাণিত কৰিব আৰু ভৱিষ্য়ত প্ৰজন্মক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে।

Banner