গুৱাহাটী ভৰলুমুখ আৰক্ষী থানাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
দৈনিক বাতৰি

গুৱাহাটী ভৰলুমুখ আৰক্ষী থানাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - G Plus Assam

জি প্লাছ নিউজ | October 19, 2020 13:07 hrs

চুৰি হোৱা বাহনৰ বীমা পত্ৰৰ সত্যাপণ নিৰূপণৰ বাবে ঘোচ খোজাৰ বাবে ভৰলুমুখ আৰক্ষী থানাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আৰোপ কৰা হৈছে। 


যোৱা ২১ ছেপ্টেম্বৰত অমন মহাৰাজ নামৰ লোকজনৰ, তেওঁৰ কৰ্মস্থানৰ ওচৰৰ কেডাৰ পথৰ পৰা এখন পাল্চাৰ ২২০ চুৰি হৈছিল। ইয়াৰ পিছতে তেওঁ ভৰলুমুখ থানাত এটা গোচৰ দাখিল কৰিছিল।


সত্যাপণ নিৰূপণ প্ৰক্ৰিয়াৰ বাবে আৰক্ষী থানাৰ পৰা অমনক মাতি পঠোৱা হয়। কিন্তু তেওঁ গুৱাহাটীৰ বাহিৰত থকাৰ বাবে যাব নোৱাৰাত নিজৰ দেউতাকক পঠাই দিয়ে। অমনৰ অভিযোগৰ অনুসৰি, তেওঁৰ পিতৃক বীমা দাবীৰ ধনৰ ২৫% বিচাৰিছিল। অমনৰ পিতৃয়ে এই দাবী নাকচ কৰে আৰু সেয়ে তাক পিছত ১০% লৈ হ্ৰাস কৰা হৈছিল। 


অভিযোগকাৰীসকলে তেওঁলোকৰ বীমাৰ কামত থানাৰ পৰা সহযোগিতাৰ অভাৱ বুলিও আৰু অভিযোগ কৰে।


জি প্লাছে ভৰলুমুখ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এই ঘটনা সন্দৰ্ভত যোগাযোগ কৰিছিল যি কাগজৰ কাম সমাপন কৰা হ'ব বুলি নিশ্চিত কৰিছিল। “তেওঁলোকক থানাত এবাৰ কাগজ-পত্ৰসহ আহিব দিয়ক। তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাম হৈ যাব।” বিষয়াজনে প্ৰকাশ কৰে।


ইতিমধ্যে, এ ডি জি পি জিপি সিঙে হোৱাটছএপ-ৰ যোগে, উত্থাপন কৰা অভিযোগৰ প্ৰতি সঁহাৰি দি ঘটনাটোৰ নম্বৰ বিচাৰিছে।