অফ লাইন পৰীক্ষা পতাক লৈ অসন্তুষ্টি কটনীয়ানৰ | গুৱাহাটী নিউজ
দৈনিক বাতৰি

অফ লাইন পৰীক্ষা পতাক লৈ অসন্তুষ্টি কটনীয়ানৰ

জি প্লাছ নিউজ | February 23, 2021 16:03 hrs

গুৱাহাটী : ২৪ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্য়ালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ বিভিন্ন ষান্মাসিকৰ পৰীক্ষা । কিন্তু শেহতীয়াকৈ ডনবস্ক'ত ক'ভিড-১৯ ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই অফ লাইন পৰীক্ষা পতাক লৈ অসন্তুষ্টি প্ৰকাশ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ।

 

ইতিমধ্যে ডনবস্ক'ৰ নিকটৱৰ্তি অঞ্চলত ৭ দিনৰ বাবে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ'ন । যাৰ বাবে ক'ৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থী সকলে অফ লাইন পৰীক্ষাৰ পৰিৱৰ্তে অন লাইন পৰীক্ষা পতাৰ পোষকতা কৰিছে ।

 

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ক'ৰোণা সংক্ৰান্ত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে । কিন্তু কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলেও শিক্ষাৰ্থী সকলে বাছ ইত্যাদিত যাতায়ত কৰিবলগীয়া হোৱাত সেইয়া কিমান সহায়ক হ'ব বুলি জি প্লাছৰ আগত প্ৰশ্ন উত্থাপন কৰিছে এগৰাকী শিক্ষাৰ্থীয়ে ।

 

শিক্ষাৰ্থী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত চলা আলোচনাৰ মাজতেই জি প্লাছে পৰীক্ষা বিভাগৰ পৰা এই সন্দৰ্ভত মন্তব্য লোৱাৰ চেষ্টা চলায় যদিও কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে পৰীক্ষা বিভাগৰ জেষ্ঠ বিষয়া সকল ।

 

আনহাতে কৃষ্টি অভিলাষা ভূঞা নামৰ এগৰাকী শিক্ষাৰ্থীয়ে তেওঁৰ পৰিয়ালৰ লোক ক'ভিডত-১৯ ত আক্ৰান্ত হৈছিল বুলি উল্লেখ কৰে । যাৰ বাবে তেওঁৰ পিতৃ-মাতৃ এতিয়া অফ লাইন পৰীক্ষা পতাক লৈ অস্বস্তিত ভোগিছে বুলি মন্তব্য কৰে ।