আজাৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ
দৈনিক বাতৰি

আজাৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

জিপ্লাছ ব্যুৰ’ | August 01, 2019 16:41 hrs

০১ আগষ্ট, গুৱাহাটী - আজি কিছুসময় পূৰ্বে আজাৰাৰ এছঅ’এছ ভিলেজৰ সমীপত উদ্ধাৰ হৈছে এটা মৃতদেহ। স্থানীয় লোকে এছ’অ’এছ ভিলেজৰ সমীপৰ এটা নলাত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি ততালিকে আজাৰা আৰক্ষীক অৱগত কৰে।

ইতিমধ্যে আজাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। স্থানীয় লোকে সন্দেহ কৰা অনুসৰি কোনো লোকে হত্যা কৰি মৃতদেহটো সেই স্থানত পেলাই থৈ গৈছে।

অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে মুখ খোলা নাই। এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়। 

আজাৰত উদ্ধাৰ হোৱা মৃতদেহটো