গুৱাহাটীৰ ডিভাইডাৰত প্লাষ্টিকৰ আৱৰণ | পান-গুটখাৰ পিকৰ পৰা ৰক্ষা কৰাৰ শেষ উপায়!

Tuesday, 28 January 2020

দৈনিক বাতৰি

গুৱাহাটীৰ ডিভাইডাৰত প্লাষ্টিকৰ আৱৰণ | পান-গুটখাৰ পিকৰ পৰা ৰক্ষা কৰাৰ শেষ উপায়!

জিপ্লাছ ব্যুৰ' | December 04, 2019 18:53 hrs

গুৱাহাটী - প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে অভিযান আৰম্ভ কৰা প্ৰধানমন্ত্ৰী মোদীক আদৰিবৰ বাবে সমগ্ৰ গুৱাহাটীকে প্লাষ্টিকৰ আৱৰণেৰে ভৰাই তুলিছে জিলা প্ৰশাসনে। অহা ১৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছিনঝৌ আবে'। ইণ্ডো-জাপান সন্মিলনত অংশগ্ৰহণৰ বাবে আহিবলগীয়া দুয়োগৰাকী ৰাষ্ট্ৰনেতাক আদৰিবলৈ সমগ্ৰ গুৱাহাটীক চূণ-তেল সানি নতুন ৰূপত সজাই তোলা হৈছে। তাৰ সমান্তৰালকৈ জিলা প্ৰশাসন শংকাত ভুগিছে তথাকথিত সভ্য গুৱাহাটীবাসীৰ আচৰণত।

উল্লেখ্য যে পান-গুটখা খাই গুৱাহাটীৰ পদপথ, পথ বিভাজক কদৰ্যময় কৰি তোলা তথাকথিত সভ্য গুৱাহাটীবাসীৰ শংকাতেই নতুনকৈ ৰং দি উঠিয়েই জিলা প্ৰশাসনে প্লাষ্টিকৰ আৱৰণেৰে ঢাকি পেলাইছে পথবিভাজকবোৰ। অন্ততঃ ইণ্ডো-জাপান সন্মিলন শেষ নোহোৱা পৰ্যন্ত গুৱাহাটীৰ পথ বিভাজকবোৰ পৰিস্কাৰ কৰি ৰখাটো এক বৃহত্ প্ৰত্যাহ্বান হৈ পৰিছে। যাৰ ফলতেই শেষ উপায় হিচাপে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই উপায়।