গুৱাহাটী : বিচাৰাধীন কাৰাবন্দীৰ মৃত্য়ুৰ তদন্তৰ ঘোষণা | গুৱাহাটী নিউজ
দৈনিক বাতৰি

গুৱাহাটী : বিচাৰাধীন কাৰাবন্দীৰ মৃত্য়ুৰ তদন্তৰ ঘোষণা

জি প্লাছ নিউজ | January 13, 2021 15:08 hrs

গুৱাহাটী: ২০২০ চনৰ ২৫ ডিচেম্বৰত মৃত্যুক আঁকোৱালি লৈছিল ২৯ বছৰীয়া বিচৰাধীন কাৰাবন্দী ৰাছিদ শেখে । ২৫ ডিচেম্বৰত বিচৰাধীন কাৰাবন্দীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । 

 

এই ঘটনা সন্দৰ্ভত সৰুসজাই জিলা কাৰাগাৰৰ অধীক্ষকে সহকাৰী আয়ুক্ত ভাস্কৰ জ্যোতি কলিতালৈ এক পত্ৰ প্ৰেৰণ কৰিছিল । 

 

ইয়াৰ পাচতেই এই ঘটনাৰ মেডিকেল ট্ৰিটমেণ্ট ৰেকৰ্ড, হেল্থ স্ক্ৰীনিং ৰেকৰ্ড, পিএম ৰিপ'ৰ্ট, পিএমৰ অনুসন্ধান ৰিপ'ৰ্ট/চিডি, ভিছেৰা পৰীক্ষাৰ ৰিপ'ৰ্ট আৰু এফএছআইৰ মতে, মৃত্যুৰ প্ৰকৃত কাৰণ ৰিপ'ৰ্ট ইত্যাদিৰ তদন্ত কৰি ১৫ দিনৰ ভিতৰত  এনএইজআৰচি/এএইজআৰচিক প্ৰতিবেদন জমা দিব লাগিব ।