দক্ষিণগাওঁ - সাওকুছি সংযোগী পথত গুৱাহাটীৰ প্ৰথমটো চাইকেল ট্ৰেক মুকলি
০৩ ডিচেম্বৰ, গুৱাহাটী - গুৱাহাটীক অধিক পৰিৱেশ অনুকূল কৰি তোলাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা প্ৰথমটো চাইকেল পথ মুকলি কৰা হৈছে। গুৱাহাটীৰ দক্ষিণগাওঁ আৰু সাউকুছি সংযোগী পথত এই চাইকেল পথ মুকলি কৰা হৈছে।
শেহতীয়াকৈ গুৱাহাটীত ভালেমান নাগৰিক স্বাস্থ্য সম্পৰ্কে সচেতন হৈ উঠাৰ সমান্তৰালকৈ এই চাইকেল পথ নিৰ্মাণ হোৱাৰ দিশটোৱে স্বাভাৱিকতে আনন্দিত কৰিছে অঞ্চলটোৰ বাসিন্দাক।
গুৱাহাটীৰ চাইেকেল মেয়ৰ আৰ্ছেল আখতাৰে এই সন্দৰ্ভত কয়, "ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ দ্বাৰা গ্ৰহণ কৰা এয়া এক অনবদ্য পদক্ষেপ আৰু এয়া কৰা হৈছে নন-মটৰাইজড ট্ৰেন্সপ'ৰ্টৰ অধীনত, আৰু আমি আশা কৰিছো যে এয়া চহৰখনৰ অন্যান্য প্ৰান্ততো হওঁক।"
manoj
Very good