হলী চাইল্ড স্কুলৰ পৰীক্ষা পদ্ধতি সলনি
গুৱাহাটী : গুৱাহাটীৰ ডনবস্ক' স্কুলত দুগৰাকীকৈ শিক্ষয়ত্ৰীৰ দেহত ক'ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰাৰ পৰাৰ পিছতেই এতিয়া বিদ্যালয় সমূহত বৃদ্ধি পাইছে কৰোণাতংক ।
শেহতীয়াকৈ জানিবলৈ পৰা মতে, গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ হলী চাইল্ড স্কুলে সলনি কৰিছে নিজৰ পৰীক্ষা পদ্ধতি ।
পূৰ্বৰ অফ লাইনৰ পৰিৱৰ্তে এতিয়া অন লাইন যোগে পৰীক্ষা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই । জি প্লাছক এই খবৰৰ নিশ্চয়তা প্ৰদান কৰিছে শিক্ষা প্ৰতিষ্ঠানটোৱে ।
শিক্ষাৰ্থীৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন শিক্ষাৰ্থীৰ পৰিয়াল বৰ্গৰ আহ্বান মৰ্মেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয় স্কুলখনৰ সমন্বয়কগৰাকীয়ে ।