জালুকবাৰী উৰণীয়া সেঁতুৰ পৰা পৰি যুৱকৰ ৰহস্যজনক মৃত্যু
দৈনিক বাতৰি

জালুকবাৰী উৰণীয়া সেঁতুৰ পৰা পৰি যুৱকৰ ৰহস্যজনক মৃত্যু - G Plus Assam

জি প্লাছ নিউজ | October 17, 2020 15:53 hrs

গুৱাহাটী স্থিত জলুকবাৰী উৰণীয়া সেঁতুৰ পৰা পৰি ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছে এজন যুৱকৰ।


যুৱকজন লাছিত উদ্যান আজাৰাৰ ফালে যোৱা পথত শুক্ৰবাৰে প্ৰায় সন্ধ্যা ৭.৩০ টা মান বজাত উৰণীয়া সেঁতুৰ ওপৰৰ পৰা সৰি পৰে। আৰক্ষীৰ পৰা জানইব পৰা মতে, যুৱকজনে লগত কাগজ-পাতি কিছুমানো কঢ়িয়াই লৈ ফুৰিছিল।


মৃতক জনক বাইহাটা চাৰি-আলিৰ ৰমেন ৰাজবংশী বুলি চিনাক্ত কৰা হয়।


জালুকবাৰী আউট প’ষ্টৰ পুলিচ বিষয়া তন্ময় নাথে জনোৱা মতে, ৰাজবংশীয়ে আত্মহত্যা কৰিবও পাৰে কাৰণ তেওঁ পৰা ঠাইত কোনো বাছ বা অট’আস্থানৰ সুবিধা নাছিল। সূত্ৰৰ পৰা জানিব পৰা মতে ৰমেন এটা চাকৰিৰ সাক্ষাৎকাৰৰ বাবে আহিছিল আৰু চাকৰিটো লাভ কৰা নাছিল।


মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়।