গৰাকীক নিচাসক্ত কৰি চিটি বাছৰ পৰায়ে লুটি নিলে ২.৫ লাখ টকা - G Plus
দৈনিক বাতৰি

গৰাকীক নিচাসক্ত কৰি চিটি বাছৰ পৰায়ে লুটি নিলে ২.৫ লাখ টকা - G Plus Assam

জি প্লাছ নিউজ | November 23, 2020 14:17 hrs

গুৱাহাটী লাল গণেশত এজন সনাতন দেৱ শৰ্মা নামক ব্যক্তি চিটি বাছৰ পৰা নামিয়ে অচেতন হৈ পৰে।


এই ঘটনা শৰ্মাই পানবজাৰ স্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা টকা উলিওৱাৰ পিছত। এই অৱস্থাতেই মুঠ ২.৫ লাখ টকা তেওঁৰ বেগৰ পৰা আত্মসাৎ কৰে। শৰ্মাক স্থানীয় লোকে তাৰ পৰা আনি নেমকেয়াৰত ভৰ্ত্তি কৰায়, য’ত তেওঁ অজ্ঞাত অৱস্থাতে থাকে।


পুলিচৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কোনো দুৰ্বৃত্তই সনাতন দেৱক হয়তো টকা উলিয়াই অনাৰ কথাৰ উম-ঘাম পাই জানি-বুজিয়ে অজ্ঞান হোৱাৰ দৰৱ দিছে।


জি প্লাছক পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এই প্ৰতিবেদন নিশ্চিত কৰে। “আমি তদন্ত এটা আৰম্ভ কৰিছো আৰু আমি কনোবায়ে তেওঁক ড্ৰাগচসক্ত কৰা বুলিয়ে বিশ্বাস কৰিছো।  আমি চিচিটিভি-ৰ ফুটেজ চাম আৰু তেওঁ জ্ঞান ঘূৰাই পালে আমি তেওঁৰো এটা বিবৃতি ল’ম।” বিষয়া গৰাকীয়ে জনায়।