গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা মুকলি 
দৈনিক বাতৰি

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা মুকলি 

জিপ্লাছ নিউজ ডেস্ক | August 03, 2020 10:21 hrs

৩ আগষ্ট, গুৱাহাটীঃ গুৱাহাটীত ৩ আগষ্টৰ পৰা গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা মুকলি। আভ্যন্তৰীন জল পৰিবহন বিভাগে এক বিবত্তি যোগে এই কথা প্ৰকাশ কৰি কয় যে কেৱল যাত্ৰীসকলে ফেৰীযোগে যাত্ৰা কৰিব পাৰিব। লগতে যাত্ৰীসকলে নিৰ্দেশনা অনুসৰি মাস্ক পৰিধান কৰিব লাগিব আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।

উল্লেখ্য যে যোৱা ২২ জুনৰ পৰা নেৰা নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বাঢ়ি অহাৰ বাবে ফেৰী সেৱা বন্ধ কৰা হৈছিল।