দৈনিক বাতৰি
গুৱাহাটীঃ আজিৰ দিনটোৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং - G Plus Assam
গুৱাহাটীঃ ২১ নৱেম্বৰৰ দিনটোৰ বাবে যিকোনো প্ৰকাৰৰ চলাচল বন্ধ ৰখা হ’ব পুৰণি শৰাইঘাট দলঙত। এই নিষেধাজ্ঞা ৰে’লৱে কৰ্তৃপক্ষই চলাই থকা দলঙ মেৰামতি কাৰ্যৰ বাবে প্ৰদান কৰা হৈছে।
সেয়ে, দুয়ো ফালৰ পৰা অহা-যোৱা কৰা বাহনসমূহক নতুন শৰাইঘাট দলঙৰ পথে চলা-চল কৰোৱা হৈছে।
ৰে’লৱেৰ কৰ্তৃপক্ষই জনোৱা মতে এই মেৰামতিৰ কাম তিনি দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। সূত্ৰৰ পৰা জানিব পৰা মতে যান-জঁটৰ সমস্যা ব্যস্ততাৰ সময়খিনিত দেখিব পৰা গৈছে একেখন দলঙ ব্যৱহাৰ কৰা হোৱাৰ বাবে।
Comments (0)
মন্তব্য প্ৰেৰণ কৰক