পাণ্ডুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ, হত্যাৰ সন্দেহ

Wednesday, 02 December 2020

দৈনিক বাতৰি

পাণ্ডুত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ, হত্যাৰ সন্দেহ - G Plus Assam

জি প্লাছ নিউজ | October 23, 2020 11:55 hrs

গুৱাহাটীঃ পাণ্ডুৰ এজন ২৬ বছৰীয়া “সন্ধানহীন” যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, পাণ্ডুৰ বিবিচি কলনীৰ বাসিন্দা কৃষ্ণ প্ৰসাদ, ১৯ অক্টোবৰৰ দিনা বন্ধুবৰ্গৰ লগত ওলায় যায়। তাৰ পিছতে তেওঁ সন্ধানহীন হোৱাত মাক-দেউতাকে জালুকবাৰী আৰক্ষী থানাক সম্পৰ্ক কৰে।


দুদিনৰ পিছতে, তেওঁৰ মৃতদেহ লোক কলনীৰ নলাৰ পৰা উদ্ধাৰ কৰা হয়। আৰক্ষীৰ অনুসন্ধানত ওলাই যে তেওঁৰ দেহত বহু দুখ পোৱাৰ চিন আছে। “আমি হত্যাৰ সন্দেহ কৰিছো আৰু বৰ্ত্তমানে অনুসন্ধান চলাই আছো।” জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই প্ৰকাশ কৰে।


আৰক্ষীয়ে ঘটনাৰ লগত জড়িত পিণ্টু পালক গ্ৰেপ্তাৰ কৰে।


ইফালে, ভুক্তভোগীৰ মাতৃয়ে ঘটনাৰ লগত আৰু বহু লোক জড়িত আছে বুলি অভিযোগ কৰে যদিও আৰক্ষীয়ে এনে দাবী নাকচ কৰে।