স্বচ্ছতাৰ দিশত ২১ নং স্থানত গুৱাহাটী ৰে’লৱে ষ্টেচন

Saturday, 07 December 2019

দৈনিক বাতৰি

স্বচ্ছতাৰ দিশত ২১ নং স্থানত গুৱাহাটী ৰে’লৱে ষ্টেচন

জিপ্লাছ নিউজ ডেস্ক | November 19, 2019 14:25 hrs

১৯ নৱেম্বৰ, গুৱাহাটী : দেশৰ স্বচ্ছ ৰে’লৱে ষ্টেচনৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল গুৱাহাটী ৰে’লৱে ষ্টেচন। ভাৰতৰ A1 শিতানৰ স্বচ্ছ ৰে’লৱে ষ্টেচনৰ ২১ নং স্থানত স্থান লাভ কৰিছে গুৱাহাটী ৰে’লৱে ষ্টেচনে। 

এই তালিকাত গুৱাহাটী ৰে’লৱে ষ্টেচনে  ১০০০ৰ ভিতৰত ৮৬৩.৮৬ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে জোধপুৰে প্ৰথম স্থান লাভ কৰে আৰু জয়পুৰে দ্বিতীয় স্থান লাভ কৰে। 

কেন্দ্ৰীয় ৰে’লৱে মন্ত্ৰী পীয়ুস গ’য়েলৰ তত্বাৱধানত Quality Council of India (QCI)ৰ এক নিৰীক্ষাত ষ্টেচনৰ A শিতানত বঙাইগাওঁ ৮৪ স্থান, বৰপেটা ৰোড ১১৫ স্থান, ৰঙিয়া জংচন ১২০ স্থান , যোৰহাট টাউন ২১৬ স্থান, শিলচৰ ২৫৬ স্থান, লামডিং ২৫৯ স্থান, তিনিচুকীয়া ২৯৫ স্থান আৰু ডিব্ৰুগড় টাউনে ৩০৫ স্থান লাভ কৰে।   

গুৱাহাটী ৰে’লৱে ষ্টেচন