মহানগৰীত ১ দিনত ২০৩ টাকৈ কৰ’ণা পজিটিভ ঘটনা, জনসাধাৰণৰ সহযোগ অতিকৈ গুৰুত্বপূৰ্ণ: হিমন্ত বিশ্ব শৰ্মা
দৈনিক বাতৰি

মহানগৰীত ১ দিনত ২০৩ টাকৈ কৰ’ণা পজিটিভ ঘটনা, জনসাধাৰণৰ সহযোগ অতিকৈ গুৰুত্বপূৰ্ণ: হিমন্ত বিশ্ব শৰ্মা

জিপ্লাছ নিউজ ডেস্ক | June 27, 2020 10:04 hrs

২৭ জুন, গুৱাহাটী: মহানৰগীত কৰ’ণা সংক্ৰমণত অভিলেখ। গুৱাহাটীত ২৪ ঘণ্টাত ২০৩ টাকৈ কৰ’ণা পজিটিভ ঘটনা।

 ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক পোষ্টযোগে অসমত ২৪ ঘণ্টাত ২৭৩ টা নতুন কৰ’ণা ভাইৰাছৰ পজিটিভ ঘটনা ধৰা পৰা বুলি জানিবলৈ দিয়ে। ইয়াৰে ২০৩ টা ঘটনাই গুৱাহাটী মহানগৰীৰ। বৰ্তমান ৰাজ্যখনত মুঠ কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৬,৯১৯ গৰাকী। 

উল্লেখ্য যে গুৱাহাটীত  কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধিবলৈ ৰাজ্য চৰকাৰে দেওবাৰে মাজনিশাৰ পৰা ১২ জুলাইলৈ ১৫ দিনীয়া লকডাউনৰ ঘোষণা কৰে। লকডাউনৰ প্ৰথম ৭ দিন পূৰবতকৈ কঠোৰ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে এক সংবাদমেলযোগে ঘোষণা কৰে।  

আনহাতে মন্ত্ৰগৰাকীয়ে জনসাধাৰণৰক  সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আহবান জনাইছে।