স্পেইনত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ মৃণ্ময়ে

Saturday, 05 December 2020

দৈনিক বাতৰি

স্পেইনত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ মৃণ্ময়ে

জি প্লাছ নিউজডেস্ক | October 31, 2018 19:06 hrs

গুৱাহাটী - চলিত মাহতে স্পেইনত অনুষ্ঠিত হ’বলগীয়া এক আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটীৰ মৃণ্ময় ৰাজখোৱা নামৰ এগৰাকী ছাত্ৰ।

গুৱাহাটীৰ সুদৰ্শন পাব্লিক স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ মৃণ্ময়ে ফিডে ৱৰ্ল্ড কেডেট চেছ চেম্পিয়নশ্বিপত লৰাৰ ৮ বছৰ অনূৰ্ধ্ব শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব।

অহা ৩ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ স্পেইনৰ ছেণ্টিয়াগ’ ডে কম্পোষ্টিলাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। 

উল্লেখ্য যে মৃণ্ময় ৰাজখোৱাই বিগত বৰ্ষত অনুষ্ঠিত ৭ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি চলিত বৰ্ষতে থাইলেণ্ডত অনুষ্ঠিত ফিডে এছিয়ান কেডেট দবা চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

মৃণ্ময় ৰাজখোৱা