মহানগৰীত ১৯ জুলাইৰ পৰা ২ আগষ্টৰ পৰা আনলক ১
১৮ জুলাই, গুৱাহাটী: কামৰূপ মেট্ৰ’ত শিথিল লকডাউন প্ৰক্ৰিয়া।আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই সংবাদমেলযোগে কয় যে সোমবাৰ ২০ জুলাইৰ পৰা ২ আগষ্টলৈ আৰম্ভ হ’ব আনলক-১। পূৰ্বতকৈ কিছু পৰিমানে লকডাউন শিথিল কৰা হৈছে যদিও কিছু কঠোৰ নিৰ্দেশনা ধাৰ্য্য কৰিছে ৰাজ্য চৰকাৰে।
আনল’ক ১ ৰ নিৰ্দেশনাসমূহঃ
-সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন অব্যাহত থাকিব।
-সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাইকাৰী, দোকান-বজাৰ খোলা থাকিব।
-চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব।
-সকলোৱে ফেচমাস্ক পিন্ধিব লাগিব ৷ অন্যথা ১ হাজাৰ টকা জৰিমণা ভৰিব লাগিব।
-সকলো নিৰ্মাণ কাৰ্য কৰিব পাৰিব, শ্ৰমিকসকলে কাৰ্যকলাপ চলি থকা স্থানৰ বাহিৰে বাহিৰলৈ যাব নোৱাৰিব।
- গাখীৰ, জীৱ-জন্তুৰ খাদ্য আৰু শিশু খাদ্য উপলব্ধ হ’ব।
-পাৰ্লাৰ,চেলুন খুলিব পাৰিব ৷
-কেব, অটো, ৰিক্সা চলাব পাৰিব ৷ তেওঁলোকে চেনিটাইজাৰ আৰু সকলো ধৰণৰ সৱাধনাতা অৱলম্বন কৰিব লাগিব ৷
-জৰুৰীকালীন ব্যৱস্থাৰ বাহিৰে ব্যক্তিগত বাহন চলাচল কৰিব নোৱাৰিব।
-শণিবাৰ আৰু দেওবাৰে সম্পূৰ্ণৰূপে বন্ধ থাকিব গুৱাহাটী।
-হোটেল ৰেষ্টুৰেণ্ট সমূহে হোম ডিলিভাৰী কৰিব পাৰিব ৷
-ই- কমাৰ্চ আৰু কোৰিয়াৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ডেলিভাৰী কৰিব পাৰিব।