দুৰ্গা পূজাত প্ৰায় ১,৭২ লাখ টকাৰ জৰিমনা সংগ্ৰহ মহানগৰীৰ যান-বাহন আৰক্ষীৰ 
দৈনিক বাতৰি

দুৰ্গা পূজাত প্ৰায় ১,৭২ লাখ টকাৰ জৰিমনা সংগ্ৰহ মহানগৰীৰ যান-বাহন আৰক্ষীৰ 

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 15:44 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যত  নতুন যান-বাহন আইন, ২০১৯ কাৰ্যকৰী কৰাৰ পাছতেই  যোৱা ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰৰ উৎসৱকালীন সময়ছোৱাত মহানগৰ যান-বাহন আৰক্ষীয়ে জৰিমনাৰ বাবদ প্ৰায় ১.৭২ লাখ টকা সংগ্ৰহ কৰে। 

প্ৰাপ্ত খবৰ অনুসৰি দুৰ্গা পূজাৰ সময়ছোৱাত মুঠ ৬৩০ টা গেচৰ ৰুজু কৰা হৈছে। ইয়াৰে ১৬১ জন লোকে থিতাতে জৰিমনা দিয়ে। আনহাতে উক্ত ৪ দিনত ৩৬৯ টা এজাহাৰবিহীন গোচৰ ৰুজু কৰে। ইয়াৰ ১২৯ টা গোচৰ সুৰা পান কৰি গাড়ী চলোৱা কাৰণে জৰিমনা বিহা হৈছে বুলি জানিবলৈ দিয়ে। 

মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চৰ তথ্য অনুসৰি কামৰূপ মহানগৰীত পথৰ যান জঁটৰ কাৰণে যোৱা ৪ দিনত মুঠ ১৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উক্ত চাৰিদিনত মুঠ ৫৫০ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।           

Banner