ৰাজস্থানৰ পৰা উদ্ধাৰ ভৰলুমুখৰ সন্ধানহীন মহিলাক | গুৱাহাটী নিউজ
দৈনিক বাতৰি

ৰাজস্থানৰ পৰা উদ্ধাৰ ভৰলুমুখৰ সন্ধানহীন মহিলাক

জি প্লাছ নিউজ | January 22, 2021 15:14 hrs

গুৱাহাটী: ভূতনাথৰ পৰা সন্ধানহীন হৈ থকা এগৰাকী ৩০ বছৰীয়া মহিলাক অৱশেষত গুৱাহাটী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।  ৰাজস্থানৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক । 

 

বিগত বৰ্ষৰ ১৯ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী । সংবাদ সূত্ৰ অনুসৰি, প্ৰায় ১ লাখ ৩০ হাজাৰ টকাত সৰবৰাহকাৰীয়ে মহিলাগৰাকী ৰাজস্থানৰ এটা দেহ ব্যৱসায় চক্ৰৰ হাতত বিক্ৰী কৰিছিল । অৱশ্যে ইয়াৰ সত্যতা নিৰূপণ হোৱা নাই । কিন্তু অগ্ৰিম ৰাশি হিচাপে দালালে ল'ব পাৰে বুলি ইংগিত প্ৰদান কৰে ভৰলুমুখ আৰক্ষীয়ে ।

 

উল্লেখ্য যে, চাকৰি সংক্ৰান্তত প্ৰথমে  মহিলাগৰাকী গুৱাহাটীৰ পৰা বঙাইগাঁও লৈ গৈছিল  । য'ত এজন লোকে মহিলাগৰাকীক চাকৰি দিয়াৰ নামত মাতি পঠিয়াইছিল  ।  তাতেই সৰবৰাহকাৰীৰ কৱলত পৰা বুলি সন্দেহ কৰা হৈছে ।

 


ইয়াৰ পাছতেই তেওঁ ৰাজস্থানলৈ গৈ পশু চোৱা-চিতা কামত জড়িত হৈ পৰিছিল । অৱশ্যে মহিলাগৰাকীৰ ওপৰতো কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা হোৱা নাছিল বুলি উল্লেখ কৰে মহিলাগৰাকীয়ে । 

 

অৱশেষত মহিলাগৰাকীয়ে পুনৰ গুৱাহাটীলৈ ঘূৰি অহাৰ বাবে গুৱাহাটী আৰক্ষীৰ সৈতে যোগযোগ কৰাত ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক ।