মহিলাৰ বাবে অসুৰক্ষিত লাচিত নগৰৰ পদসেতু !
গুৱাহাটী : যি সময়ত মহানগৰীৰ উন্নয়ন আৰু ৰাইজৰ সুবিধাৰ্থে গুৱাহাটী লোক নিৰ্মাণ বিভাগে কেইবাটাও কোটি টকীয়া পদসেতু নিৰ্মাণ কৰিছে সেই সময়তে কিন্তু গুৱাহাটীৰ উলুবাৰীস্থিতি লাচিত নগৰৰ পদসেতু হৈ পৰিছে মদ, জুৱাৰ আড্ডাস্থলী । যাৰ বাবে নিশাৰ ভাগত পদসেতুখনৰ অহা যোৱা কৰিবলৈ অসুৰক্ষিত অনুভৱ কৰে মহিলা সকলে ।
ইয়াৰ লগতে পদসেতুখনৰ চাৰিওকাষ ৰাজনৈতিক ফলক ইত্যাদিৰে ভৰি পৰাত নিশা যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ নিশ্চয়তা বৃদ্ধি পাইছে । কাৰণ সম্পূৰ্ণ ৰূপে প্ৰায় ঢাক খাই পৰিছে পদসেতুখনৰ ওপৰভাগ ।
মহিলাৰ সুৰক্ষা দৃষ্টিকোণেৰে এই সমূহ ফলক আঁতৰাই দিব লাগে বুলি একাংশ সচেতন লোকে মন্তব্য প্ৰকাশ কৰে । এই সন্দৰ্ভত ট্ৰেফিক ভাৰপ্ৰাপ্ত বিষয়া অভিষেক বড়োৱে কয়, পদসেতুখনত দৃষ্টি ৰখাত তেওঁলোক সকলো সময়ত অপাৰগ কাৰণ ৰাস্তা-ঘাটত যান-জঁট নিয়ন্ত্ৰণত প্ৰতি সময়তে নিযোজিত হৈ থাকিব লাগে ।
আনহাতে পদসেতুখনত এক কদৰ্যময় পৰিবেশও বিৰাজ কৰিছে । পদ সেতুখনৰ য'তে-ত'তে পৰি ৰৈছে মদৰ বটল ইত্যাদি ।