আইপিএলত উজ্বলিছে ৰিয়ান পৰাগ, ক্ৰিকেট মহলত সৰব চৰ্চা, উচ্চ প্ৰসংশা
গুৱাহাটী - ক্ৰিজত এজন কিশোৰ। শক্তিশালী দুই হাতৰ মুঠিত ৰাণোদ্যোত বেট। সমূখত বিশ্বত্ৰাস আন্দ্ৰে ৰাছেল, বিশালকায় দেহ, বিশালকায় ব্যক্তিত্ব। ক্ৰিজৰ আনটোমূৰ কঁপাই আন্দ্ৰে ৰাছেলৰ তীক্ষ্ণ বাউন্সাৰ। বাউন্সাৰে আঘাত কৰে কিশোৰৰ হেলমেটত। অস্থিৰ হৈ পৰে গেলেৰী। অস্থিৰ হৈ পৰে কিশোৰৰ পিতৃ।
পিছে স্থিৰ হৈ থাকে সেই কিশোৰ। পৰৱৰ্তী বললৈ অপেক্ষা। ১৪০ কিলোমিটাৰ প্ৰতিঘণ্টাৰ বেগেৰ এইবাৰ এক গুডলেংথ ডেলিভাৰী। ১৭ বছৰীয়া কিশোৰৰ স্বভাৱসিদ্ধ, ক্ষীপ্ৰ ফ্লিক। বল বাউণ্ডেৰীৰ সিপাৰ। অধোনত ৰাছেল। ৰাজস্থান ৰয়েলছৰ অষ্ট্ৰেলিয়ান অধিনায়ক ষ্টিভ স্মিথৰ সন্তুষ্টিৰ হাঁহি হাতচাপৰি। এয়াই পৰাগ। ৰিয়ান পৰাগ। অসমৰ এসময়ৰ ৰঞ্জী দলৰ নিৰ্ভৰযোগ্য বেটছমেন পৰাগ দাসৰ সুন্তান, অসমৰ সুসন্তান ৰিয়ান পৰাগ।
এই বয়সতে পৰাজয়ৰ গৰাহত পৰা দলক ধাৰাবাহিকভাৱে দুবাৰকৈ উদ্ধাৰ কৰি এই কিশোৰ ক্ৰিকেটাৰে দিছে চমক। এই চমক পিছে প্ৰচুৰ কৃচ্ছসাধনাৰ ফচল। ২০ অভাৰৰ খেলৰ অন্তিম পাচ অভাৰত ইমান ধৈৰ্য্যৰে খেলি দলক উদ্ধাৰ কৰি দিখুৱাইছে পৰিপক্কতা। আইপিএলৰ দৰে এক মঞ্চত ধাৰাবাহিকভাৱে দুখনকৈ খেলত ৪০+ ৰাণ কৰি ৰিয়ানে দেখুৱাইছে নিখুত শৈলীৰ নিদৰ্শন, ধাৰাবাহিকতাৰ নিদৰ্শন। দুটা ছয় আৰু ৫টা চাৰিৰে ৪৭ ৰাণৰ অনবদ্য ইনিংছ খেলা ৰিয়ান দুৰ্ভাগ্যবশত হিট উইকেট হৈ পেভিলিয়নমুখী হয়।
ইফালে ৰিয়ানৰ কালি নিশাৰ ইনিংছটোক লৈ সৰ্বত্ৰ চৰ্চা হৈছে। টুইটাৰত প্ৰসংশাৰে উপচাই পেলোৱা হৈছে খেলুৱৈগৰাকীক।
Good win for @rajasthanroyals Riyan Parag looks another exciting young player. Tremendously talented. What struck me more than anything was the confidence & calm which he exudes at the crease for a 17yr old kid. Even after being hit in the head. You’ve gotta love Joffra Archer
— ian bishop (@irbishi) April 25, 2019
I keep harping about little things. Sunil Narine might have closed the game if he had caught the impressive Riyan Parag. Nothing you can do about great performances against you but you can ensure you get what is in your control right.
— Harsha Bhogle (@bhogleharsha) April 25, 2019